অলৌকিক কাৰ্য্যতকৈও মহান: লোকক খ্ৰীষ্টলৈ আঙুলিয়াই দিয়াৰ কাৰ্য্য (পাঁচনিৰ কৰ্ম ৩:১–২৬) / More than a Miracle: Pointing People to Christ (Acts 3:1-26)
অলৌকিক কাৰ্য্যতকৈও মহান: লোকক খ্ৰীষ্টলৈ আঙুলিয়াই দিয়াৰ কাৰ্য্য (পাঁচনিৰ কৰ্ম ৩:১–২৬)
প্ৰতিদিনে আমি এনে বহু লোকৰ কাষেৰে পাৰ হওঁ, যিসকলে দৃশ্য, অদৃশ্য বহু বোজা কঢ়িয়াই ফুৰিছে। কোনোৰ হয়টো আৰ্থিক সহায়ৰ প্ৰয়োজন, কোনো হয়টো উৎসাহ বিচাৰিছে, বা কোনোৱে সান্ত্বনা বা কেৱল যীচু খ্ৰীষ্টই দিব পৰা আশাৰ প্ৰয়োজন অনুভৱ কৰিছে। আমি সকলো সময়ত নাজানিবও পাৰোঁ তেওঁলোকক কেনেকৈ সহায় কৰিম বুলি, কিন্তু বহু সময়ত ঈশ্বৰে এই ধৰণৰ সাক্ষাৎসমূহক নিজৰ প্ৰেম প্ৰকাশ কৰাৰ আৰু শুভবাৰ্তা বিলোৱাৰ সুযোগ হিচাপে আমাৰ সন্মুখত আনে।
এদিন পিতৰ আৰু যোহন প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ গৈ থাকোঁতে জন্মৰে পৰা খোজ কাঢ়িব নোৱাৰা এজন ব্যক্তিক লগ পালে। তেওঁক প্ৰতিদিনে "সুন্দৰ" নামেৰে জনাজাত মন্দিৰৰ দুৱাৰত বহুৱাই দিয়া হৈছিল, যাতে তেওঁ পথচাৰীৰ ওচৰত ভিক্ষা বিচাৰিব পাৰে (পাঁচনিৰ কৰ্ম ৩:১–৩)। আন বহু লোকৰ দৰে পিতৰ আৰু যোহনেও তেওঁক উপেক্ষা কৰি আগবাঢ়ি যাব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে থমকি ৰ'ল।
লূকে এই সাক্ষাৎটোৰ এক গুৰুত্বপূৰ্ণ দিশ বিশেষভাৱে উল্লেখ কৰিছে। প্ৰথমে ব্যক্তিজনে পিতৰ আৰু যোহনক চাইছিল। তাৰ পাছত পিতৰ আৰু যোহনে তেওঁৰ ফালে একান্তে চালে, আৰু পিতৰে ক'লে, "আমালৈ চোৱা।" (পাঁচনিৰ কৰ্ম ৩:৪)। হয়তো সেইদিনা প্ৰথমবাৰৰ বাবে কোনোবাই তেওঁক কেৱল দৰিদ্ৰ ব্যক্তি হিচাপে নহয়, বৰঞ্চ ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি হোৱা এজন মূল্যৱান মানুহ হিচাপে দেখিছিল। অলৌকিক ঘটনাৰ আগতেই আহিছিল সহানুভূতি আৰু আন্তৰিক মনোযোগ।
তাৰ পাছত পিতৰে ক'লে, "মোৰ ৰূপ বা সোণ নাই; কিন্তু যি আছে, তাকে তোমাক দিওঁ। নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামত উঠি খোজ কাঢ়ি ফুৰা।" (পাঁচনিৰ কৰ্ম ৩:৬)। লগে লগে ঈশ্বৰে সেই মানুহজনক সুস্থ কৰিলে। তেওঁ থিয় হ'ল, খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে; আৰু তেওঁ ফুৰি ফুৰি ডেও মাৰি মাৰি, ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে সৈতে ধৰ্মধামত সোমালগৈ" (পাঁচনিৰ কৰ্ম ৩:৮)। তেওঁৰ সুস্থতা ঈশ্বৰৰ শক্তি আৰু অনুগ্ৰহৰ এক জীৱন্ত সাক্ষ্য হৈ পৰিল।
কিন্তু এই অলৌকিক ঘটনাটোৱে মূল বাৰ্তা নহয়। মানুহবোৰ আচৰিত হৈ গোট খোৱাৰ লগে লগে পিতৰে তেওঁলোকৰ দৃষ্টি নিজৰ পৰা আঁতৰাই যীচু খ্ৰীষ্টৰ ফালে ঘূৰাই দিলে (পাঁচনিৰ কৰ্ম ৩:১২)। তেওঁ স্পষ্টকৈ ঘোষণা কৰিলে যে এই সুস্থতা কোনো মানুহৰ শক্তি বা ব্যক্তিগত পবিত্ৰতাৰ ফল নহয়; ই পুনৰুত্থিত প্ৰভু যীচুৰ শক্তি আৰু তেওঁৰ ওপৰত থকা বিশ্বাসৰ ফল (পাঁচনিৰ কৰ্ম ৩:১৬)। তাৰ পাছত তেওঁ সকলোকে আহ্বান জনালে, "মন পালটাই ঘূৰি আহাঁ, যেন তোমালোকৰ পাপ মোচন হয়, আৰু এইদৰে প্ৰভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল আহে" (পাঁচনিৰ কৰ্ম ৩:১৯)।
এই ঘটনাই আমাক এটা গুৰুত্বপূৰ্ণ সত্য শিকায়: আমাৰ প্ৰতিটো দয়াৰ কাৰ্য্যই অৱশেষত মানুহক খ্ৰীষ্টৰ ওচৰলৈ লৈ যাব লাগে। ঈশ্বৰে অসাধাৰণ অলৌকিক কাৰ্যৰ যোগেদিয়েই হওক বা সাধাৰণ দয়া আৰু প্ৰেমৰ কাৰ্যৰ যোগেদিয়েই হওক, আমাৰ মুখ্য আহ্বান একেই: যীচু খ্ৰীষ্টক জনোৱা। কিয়নো মানুহৰ আটাইতকৈ গভীৰ প্ৰয়োজন কেৱল শাৰীৰিক সুস্থতা নহয়; বৰঞ্চ যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে পুনৰ মিলন লাভ কৰা।
সেয়েহে আহক আজি আমি প্ৰভুক অনুৰোধ জনাওঁহওক, যাতে তেওঁ আমাৰ দৃষ্টি মুকলি কৰে আৰু আমাৰ চাৰিওফালে থকা প্ৰয়োজনীয় লোকসকলক আমি দেখিবলৈ পাওঁ। হয়তো আপোনি কাৰোবাৰ দুখৰ বেথা মনোযোগেৰে শুনা, এটা সহানুভূতিশীল হৃদয়, এটা সহায়কাৰী হাত বা খ্ৰীষ্টৰ বিষয়ে কোৱা এটা বিশ্বস্ত বাক্য ঈশ্বৰে কাৰোবাক নিজৰ ওচৰলৈ টানি অনাৰ উপায় হ'ব পাৰে। আমাৰ জীৱনে যেন কেৱল নিজলৈ নহয়, সদায় আমাৰ পুনৰুত্থিত ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টলৈ হে যেন আঙুলিয়াই দিয়ে।
প্ৰাৰ্থনা: হে দয়ালু পিতৃ, আমাৰ গভীৰতম প্ৰয়োজন দেখা আৰু আপোনাৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি সেই প্ৰয়োজন পূৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ। আজি আমাৰ চকু মুকলি কৰি দিয়ক যাতে আপুনি আমাৰ পথলৈ অনা লোকসকলক আমি মনোযোগেৰে দেখি পাওঁ। আমাৰ হৃদয় সহানুভূতিয়েৰে, আমাৰ মুখ শুভবাৰ্তাৰ সত্যেৰে আৰু আমাৰ জীৱন নম্ৰ আজ্ঞাপালনেৰে পূৰ্ণ কৰক। সৰু সৰু দয়াৰ কামেই হওক বা অপ্রত্যাশিত সুযোগেই হওক, আমাৰ সকলো কৰ্মে যেন আনক যীচু খ্ৰীষ্টৰ ওচৰলৈ লৈ যায়, কিয়নো তেওঁৰ নামতেই একমাত্ৰ পৰিত্ৰাণ আছে (পাঁচনিৰ কৰ্ম ৪:১২)। আমেন।
More Than a Miracle: Pointing People to Christ (Acts 3:1–26)
Every day, we pass people who are carrying visible or invisible burdens. Some need financial help, others long for compassion, encouragement, or the hope that only Christ can give. We may not always know how to help, but God often places these moments before us as opportunities to reflect His love and proclaim His gospel.
As Peter and John were going to the temple for prayer, they encountered a man who had been lame from birth. Day after day he sat at the Beautiful Gate, asking passersby for money (Acts 3:1–3). Like everyone else, Peter and John could have walked by. Instead, they stopped.
Luke carefully describes the personal interaction that followed. The lame man saw Peter and John. Then Peter and John looked intently at him, and Peter said, "Look at us!" (Acts 3:4). For perhaps the first time that day, the beggar was treated not as an inconvenience but as a person created in the image of God. Before the miracle came compassion and genuine attention.
Peter then declared, "Silver or gold I do not have, but what I do have I give you. In the name of Jesus Christ of Nazareth, walk" (Acts 3:6). Immediately, God restored the man's strength. He stood, walked, leaped with joy, and entered the temple "walking and leaping and praising God" (Acts 3:8). His healed body became a visible testimony to God's power and grace.
Yet the miracle itself was not the ultimate message. When the astonished crowd gathered, Peter quickly redirected their attention away from himself and toward Jesus Christ (Acts 3:12). He proclaimed that it was not human power or personal holiness that had healed the man, but faith in the risen Lord Jesus (Acts 3:16). Peter then called the people to repent and turn to God, so that their sins might be wiped away and they might experience "times of refreshing" from the presence of the Lord (Acts 3:19).
This passage reminds us that every act of kindness should ultimately point people to Christ. Whether God chooses to work through extraordinary miracles or through simple acts of compassion, our greatest calling remains the same, to make Jesus known. The deepest need of every human heart is not merely physical healing but reconciliation with God through His Son.
Today, ask the Lord to open your eyes to those around you. A listening ear, a compassionate heart, a helping hand, or a faithful word about Christ may become the means by which God draws someone to Himself. May our lives never point to ourselves, but always to our risen Savior.
Prayer: Gracious Father, thank You for seeing us in our deepest need and meeting us through Your Son, Jesus Christ. Open our eyes to the people You place in our path today. Fill our hearts with compassion, our mouths with the truth of the gospel, and our lives with humble obedience. Whether through simple acts of kindness or unexpected opportunities, may everything we do point others to Jesus, in whose name alone there is salvation (Acts 4:12). Amen.

Comments
Post a Comment