যেতিয়া পবিত্ৰ আত্মাই নিজৰ মণ্ডলী গঢ়ে (পাঁচনিৰ কৰ্ম ২:১৪–৪৭) / When the Spirit Builds His Church (Acts 2:14-47)
যেতিয়া পবিত্ৰ আত্মাই নিজৰ মণ্ডলী গঢ়ে (পাঁচনিৰ কৰ্ম ২:১৪–৪৭)
পঞ্চাশ-দিনীয়া পৰ্ব্বৰ অলৌকিক ঘটনাবোৰ, যেনে: অতিশয় বেগেতে যোৱা বৰ বতাহৰ দৰে শব্দ, জুইৰ নিচিনা জিবাৰ দৰে দেখা দিয়া, আৰু শিষ্যসকলে কেতিয়াও নিশিকা ভাষাত কথা কোৱা: আমাক সহজেই বিস্মিত কৰে। কিন্তু সেই দিনৰ আটাইতকৈ ডাঙৰ অলৌকি কাৰ্য্য আছিলে এই চিনবোৰৰ লক্ষ্য, অৰ্থাৎ যীচু খ্ৰীষ্ট! পবিত্ৰ আত্মাৰ শক্তিৰে পৰিপূৰ্ণ হৈ শিষ্যসকলে “ঈশ্বৰৰ মহান কৰ্মবোৰ” ঘোষণা কৰিছিল (পাঁচনিৰ কৰ্ম ২:১১), আৰু বিভিন্ন দেশৰ পৰা অহা লোকসকলে নিজৰ নিজৰ ভাষাত শুভবাৰ্ত্তা শুনিবলৈ পাইছিল।
সকলো মানুহে কিন্তু বিশ্বাসেৰে সঁহাৰি দিয়া নাছিল। কিছুমানে আশ্চৰ্য হৈ সুধিছিল, “ইয়াৰ অৰ্থ কি?” আনহাতে কিছুমানে উপহাস কৰি কৈছিল যে শিষ্যসকল দ্ৰাক্ষাৰস খাই মতলীয়া হৈছে (পাঁচনিৰ কৰ্ম ২:১২–১৩)। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে স্বাভাৱিক, নতুন জন্ম নোপোৱা মানুহৰ মন ঈশ্বৰৰ কৰ্মক সহজে গ্ৰহণ নকৰে; বহু সময়ত তাক অস্বীকাৰ কৰে বা আন ব্যাখ্যা দিবলৈ চেষ্টা কৰে (১ কৰিন্থীয়া ২:১৪)। তথাপিও পিতৰে মানুহৰ উপহাসত ভয় নকৰি সাহসেৰে সত্য ঘোষণা কৰিছিল।
পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ পিতৰে দেখুৱাইছিল যে এই ঘটনাই ভাববাদী যোৱেলৰ ভাববাণী পূৰণ কৰিছে (যোৱেল ২:২৮–৩২; পাঁচনিৰ কৰ্ম ২:১৭–২১)। কিন্তু তেওঁৰ বাৰ্তাৰ মূল বিষয় অলৌকিক ঘটনাবোৰ নাছিল; মূল বিষয় আছিল পুনৰুত্থিত আৰু মহিমান্বিত যীচু খ্ৰীষ্ট। যিজন যীচুক তেওঁলোকে ক্ৰুচত বিদ্ধ কৰিছিল, ঈশ্বৰে তেওঁক মৃতলোকৰ পৰা উঠাই প্ৰভু আৰু খ্ৰীষ্ট কৰি তুলিছে (পাঁচনিৰ কৰ্ম ২:৩২–৩৬)। সেয়েহে পঞ্চাশ-দিনীয়া পৰ্ব্বৰ বাৰ্তাৰ কেন্দ্ৰবিন্দু কোনো বিশেষ অভিজ্ঞতা নহয়, বৰঞ্চ সেই অসাধাৰণ ত্ৰাণকৰ্তা যীচু খ্ৰীষ্ট।
পবিত্ৰ আত্মাৰ কাৰ্যই লোকসকলৰ হৃদয়ত গভীৰ অনুতাপ জন্মাইছিল। পিতৰৰ বাৰ্তা শুনি তেওঁলোক “হৃদয়ত বিন্ধা” গ'ল আৰু সুধিলে, “আমি কি কৰিম?” পিতৰে উত্তৰ দিলে, “তোমালোকৰ পাপ মোচনৰ অৰ্থে মন পালটোৱা, আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজন বাপ্তাইজিত হোৱা; তেহে তোমালোকে পবিত্ৰ আত্মা দান পাবা" (পাঁচনিৰ কৰ্ম ২:৩৭–৩৮)। সেইদিনা প্ৰায় তিনি হাজাৰ লোকে বিশ্বাস কৰিলে, আৰু মণ্ডলীৰ আৰম্ভণি হ'ল। তেওঁলোকে পাঁচনিসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত নিজকে উৎসৰ্গা কৰিলে, আৰু তেওঁলোকৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহে ঘটোৱা পৰিবৰ্তন স্পষ্টকৈ দেখা গ'ল (পাঁচনিৰ কৰ্ম ২:৪২–৪৭)।
যিজন পবিত্ৰ আত্মাই পিতৰক শক্তি দিছিল, সেই একেজন পবিত্ৰ আত্মাই আজিও বিশ্বাসীসকলক শক্তি দিয়ে। তেওঁ নিজৰ মহিমা নহয়; তেওঁ খ্ৰীষ্টক মহিমান্বিত কৰে (যোহন ১৬:১৩–১৪)। তেওঁ আমাক শুভবাৰ্ত্তাৰ সাহসেৰে ঘোষণা কৰিবলৈ আৰু সেই শুভবাৰ্ত্তাৰ যোগ্য জীৱন যাপন কৰিবলৈ সক্ষম কৰে। আৰম্ভণিৰ মণ্ডলীৰ দৰে আমাৰ জীৱনো যেন যীচু খ্ৰীষ্টৰ পৰিত্ৰাণকাৰী অনুগ্ৰহৰ জীৱন্ত সাক্ষ্য হয়।
প্ৰাৰ্থনা: হে প্ৰভু যীচু, আপোনাৰ পবিত্ৰ আত্মা প্ৰেৰণ কৰি আপোনাৰ মণ্ডলী স্থাপন কৰাৰ বাবে ধন্যবাদ। আমাক আপোনাৰ শুভবাৰ্ত্তা সাহসেৰে ঘোষণা কৰিবলৈ শক্তি দিয়ক, পাপৰ পৰা আন্তৰিকভাৱে মন পালটাবলৈ সহায় কৰক, আৰু আপোনাৰ প্ৰেম আৰু পবিত্ৰতাক প্ৰকাশ কৰা জীৱন যাপন কৰিবলৈ সক্ষম কৰক। আমাৰ সকলো কথা আৰু কৰ্মে যেন মানুহক আপোনাৰ ওচৰলৈ লৈ যায়। আমেন।
When the Spirit Builds His Church (Acts 2:14–47)
It is easy to be impressed by the dramatic events of Pentecost, the rushing wind, the tongues of fire, and the disciples speaking in languages they had never learned. Yet the greatest miracle was not the signs themselves but what they pointed to: Jesus Christ. Empowered by the Holy Spirit, the disciples proclaimed "the wonders of God" (Acts 2:11), and people from many nations heard the gospel in their own language.
Not everyone responded with faith. Some were amazed and asked, "What does this mean?" while others mocked, claiming the disciples were drunk (Acts 2:12–13). Such responses remind us that the natural heart often rejects or explains away the work of God (1 Corinthians 2:14). Nevertheless, Peter did not allow ridicule to silence him.
Filled with the Holy Spirit, Peter boldly declared that what the crowd witnessed was the fulfillment of God's promise through the prophet Joel (Joel 2:28–32; Acts 2:17–21). More importantly, he pointed everyone to the risen and exalted Christ. Jesus, whom they had crucified, had been raised from the dead and was now both Lord and Messiah (Acts 2:32–36). The message of Pentecost was never about extraordinary experiences, it was about the extraordinary Savior.
The Spirit's work brought conviction. Those who heard Peter's sermon were "cut to the heart" and asked what they must do. Peter answered, "Repent and be baptized...in the name of Jesus Christ for the forgiveness of your sins. And you will receive the gift of the Holy Spirit" (Acts 2:37–38). That day, about three thousand people believed, and the church was born. They devoted themselves to the apostles' teaching, fellowship, prayer, and worship, displaying lives transformed by the grace of God (Acts 2:42–47).
The same Holy Spirit who empowered Peter still strengthens believers today. He does not draw attention to Himself but glorifies Christ (John 16:13–14), giving us both the courage to proclaim the gospel and the power to live it. May our lives, like those of the early church, bear witness to the saving grace of Jesus.
Prayer: Lord Jesus, thank You for pouring out Your Holy Spirit and establishing Your church. Fill us with boldness to proclaim Your gospel, hearts that gladly repent of sin, and lives that reflect Your love and holiness. May everything we say and do point others to You, our risen Lord and Savior. Amen.

Comments
Post a Comment